ডিজিটেল ডেস্কঃ ২০১৬ চনৰ ৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ সপক্ষে আজি উচ্চতম ন্যায়ালয়ে ৰায় দান কৰে ৫ জন বিচাৰপীঠকলৈ গঠিত এক সাংবিধানিক বিচাৰপীঠে৷ উচ্চতম ন্যায়ালয়ে আজি পুৱা নিজৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষৰ লগত আলোচনা কৰিয়েই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বিমুদ্ৰাকৰণৰ দ্বাৰা ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোটৰ বিলুপ্তি ঘটাই নতুনকৈ ৫০০ টকীয়া আৰু ২০০০ টকীয়া নোট ছপা কৰা হৈছিল৷ বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছিল আৰু বহুতৰ ব্যৱসায় মন্দা হৈ পৰিছিল৷ বিমুদ্ৰাকৰণৰ ফলত বহু লোকৰ মৃত্যু পৰ্যন্ত ঘটিছিল৷ উচ্চতম ন্যায়ালয়ত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আজি বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দান কৰে৷ অৱশ্যে ৫ জন বিচাৰপতিৰ এগৰাকীয়ে বিমুদ্ৰাকৰণ বে-আইনী আছিল বুলি উল্লেখ কৰে৷