ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লীৰ গুৰুগ্ৰামত সংঘটিত হয় এক হৃদয়স্পৰ্শী হত্যাকাণ্ড। ডাঙৰ চহৰত সৰু কথাতে মানুহে মানুহ কৰে হত্যা। হেৰাই যাব ধৰিছে মানুহৰ মাজৰ পৰা মানৱীয়তা। ৰাজপথৰ মাজতেই নিশা এজন ৫৬ বছৰীয়া লোকক মৰিয়াই হত্যা কৰিলে তিনি হত্যাকাৰীয়ে। মূলচন্দ্ৰ বৰ্মা নামৰ লোকজনে নিজৰ কৰ্তব্যস্থলীৰ পৰা স্কুটিৰে ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় ঘটনাটি। বৰ্মাই তেওঁৰ সন্মুখত থকা এখন অ’ট কিছু আঁতৰাবলৈ কৈছিল তাৰ পাছতেই অ’ট চালককে ধৰি ৪-৫ জন যুৱকে তেওঁক উপৰ্যুপৰি মাৰ সোধায়। যাৰ ফলত তেওঁ অচেতন হৈ তাতেই পৰি যায়। পৰৱৰ্তী সময়ত কোনো লোকে চিকিৎসালয়লৈ লৈ যায় যদিও ডক্তৰে মৃত ঘোষণা কৰে। সমগ্ৰ ঘটনা বন্দী হয় চি চি টি বি কেমেৰাত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰতৰ অভিজান চলাই এজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও বাকীকেইজনৰ অনুসন্ধান অব্যাহত আছে।