নিউজ ডেস্কঃ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত কালি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ পৰা উচ্চ পৰ্য্যায়লৈ সকলো বিষয়াই অংশ গ্ৰহণ কৰে। গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে ‘ভার্চুৱেল’ মাধ্যমেৰে বৈঠকত অংশ লয়। বৈঠকত নিম্নলিখিত সিদ্ধান্তসমূহ গ্রহণ কৰা হয়ঃ
• অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় আৰু ৰাজ্যৰ সকলোবোৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা ১১-৩০ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰা হ’ব, যিগৰাকীয়ে ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব । এই ব্যৱস্থা অহা ১৩ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব।
• জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটী দিন বাধ্যতামূলক কৰা হ’ব। অৱশ্যে এই নিয়ম থানা আৰু আৰক্ষী চকিসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি ‘চার্জ পোষ্ট’ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব।
• অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়কে ধৰি সকলো জিলা, বেটেলিয়ানৰ কাৰ্য্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সংক্রান্তীয় কাম- কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰিব। লগতে, এতিয়াৰ পৰা কমেও এবছৰৰ আগৰ পৰাই অৱসৰ গ্ৰহণ কৰিবলগা বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চন সংক্রান্তীয় কাম-কাজসমূহ আৰম্ভ কৰা হ’ব।
• জিলা, বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক ‘শৌচালয়’ৰ ব্যৱস্থা কৰা হ’ব ।
• আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষিক ‘নাম ফলক’ লগাব লাগিব।
আনহাতে, এই বৈঠকতে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে কয় যে আৰক্ষীৰ লোকসকলে ৰাইজক সঠিক আৰু নম্ৰ ব্যৱহাৰৰ লগতে পদবী নিৰ্বিশেষে সহকর্মীসকলকো উপযুক্ত সন্মান প্ৰদৰ্শন আৰু মৰ্য্যাদা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। আৰক্ষীৰ লোকসকলক তেওঁলোকৰ স্বাস্থ্যৰ যতন ল’বলৈও পৰামৰ্শ দি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে পদবী নির্বিশেষে সর্ব্বোচ্চ স্তৰত পেছাগত আৰু ব্যক্তিগত অনুশাসন মানি চলিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায় ৷