ডিজিটেল ডেস্কঃ পুনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পাইছে ‘মেৰিটেল ৰেপ’ অৰ্থাৎ বিবাহোত্তৰ বলাৎকাৰ বিষয়টো। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পিএছ নৰসিংহ আৰু জে বি পাৰ্ডিৱালাৰ দ্বাৰা গঠিত বিচাৰপীঠে বিষয়টোক লৈ কেন্দ্ৰ চৰকাৰক স্থিতি স্পষ্ট কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
নিৰ্দেশনাটোত বিচাৰপীঠখনে মেৰিটেল ৰেপক অপৰাধীকৰণ কৰা হ’ব নে নাই এই সন্দৰ্ভত অহা ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ কোৱা হৈছে। মেৰিটেল ৰেপ অপৰাধ হ’ব নে নাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় প্ৰদান কৰিব অহা ২১ মাৰ্চত।
উল্লেখ্য যে, বিশ্বৰ কেবাখনো দেশত ‘মেৰিটেল ৰেপ’ক লৈ কঠোৰ আইন আছে। ভাৰততো বিষয়টোক লৈ সপক্ষে-বিপক্ষে দীৰ্ঘদিন ধৰি ব্যাপক চৰ্চা চলি আহিছে যদিও এই পৰ্যন্ত আইনৰ ৰূপ পোৱা নাই।