অসমত দ্ৰুত গতিত হ্ৰাস হৈছে কোভিডৰ সংক্ৰমণ৷ আজি অসমত কোভিডত আক্ৰান্ত হৈছে কেৱল ১১গৰাকী লোক৷ ইপিনে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোভিডত এগৰাকীও লোকৰ মৃত্যু হোৱা নাই। প্ৰায় ৩ হাজাৰ নমুনা সংগ্ৰহ কৰি কোভিড পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে। কামৰূপ মহানগৰ জিলাত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৪গৰাকী লোক। কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৮৭ শতাংশ।