গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ তৎপৰতা একপ্ৰকাৰ বুমেৰাঙত পৰিণত হ’ল৷ গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে আজি ৫৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম অকেলে ঘোষণা কৰিছে৷ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈছিল৷ তাৰ মাজতে বিৰোধীক শ’লঠেকত পেলাই আজি কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। মুঠা ৬০টা ৱাৰ্ডৰ ভিতৰত প্ৰথমখন তালিকাত ৫৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে। বাকী থকা ৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷ কিন্তু সাত বিহুৰ পিছত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছিল কংগ্ৰেছে৷ ১৯ এপ্ৰিলত সাত বিহুৰ মাজতে অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন।