চাপৰঃ চাপৰ গান্ধী ময়দানত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ পতাকা চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত উত্তোলন কৰে চক্ৰ বিষয়া কবিতা ডেকাই। ইয়াৰ পাছত অনুষ্ঠানত বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে NCC কেডাৰৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শনৰ লগতে কেইবাটাও সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত স্থানীয় সমাজ সেবক তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে, গণৰাজ্য দিবস উপলক্ষে চাপৰ ৰাজহ চক্ৰ বিষয়া কবিতা ডেকাই চাপৰ চক্ৰৰ বিষয়া কৰ্মচাৰী বনাম চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ মাজত এখন আকৰ্ষণীয় প্ৰীতি ভলীবল খেল অনুষ্ঠিত কৰে। উক্ত খেলত চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাব বিজয়ী হয়। বিজয়ী দলটোক ট্ৰফীৰে সন্মানিত কৰা হয়।