লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত ছয়গাঁৱৰ কৰ্দৈগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কৰ্দৈগুৰি বনানিগাঁও, কৰ্দৈগুৰি মহিলা সমিতি আৰু কৰ্দৈগুৰি বিষ্ণুজ্যোতি পুথিভৰালৰ সহযোগত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপনৰ পিছতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধীকাৰি ডিম্পী বৰা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অম্বৰীশ বৰা, কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দীপন ডেকাই গছপুলি ৰোপন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষণত বিশ্ব পৰিৱেশ দিৱসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিধায়কগৰাকীয়ে কৰ্দেগুৰি গাঁৱৰ তিনিশ মিটাৰ পথ পকীকৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে গাঁওখনৰ মহিলা সমিতিলৈ ১লাখ টকাৰ অনুদান আগবঢ়াই। অনুষ্ঠানৰ মাজতে পৰিৱেশ সম্পৰ্কে কাম কৰি থকা সংগঠন বন্যবন্ধু আৰু এ.ডব্লিউ.আৰ.আৰ.অ’ৰ সদস্যক বন বিভাগৰ তৰফৰ সাপ ধৰা সজুলি আৰু গছৰ পুলি বিতৰণ কৰে। অনুষ্ঠানৰ মাজতে কণ কণ শিশুসকলে গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক এখন নাট পৰিৱেশন কৰে। নাট পৰিৱেশন কৰা কণ কণ ২৭ গৰাকী শিল্পীকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ১০০ টকাকৈ প্ৰদান কৰে। উল্লেখযোগ্য যে পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি পশ্চিম কামৰূপ বন সংমণ্ডলে একলাখ গছপুলি ৰোপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ছয়গাঁও নাগৰিক সমাজৰ উপৰিও ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়, সাতগাঁও আঞ্চলিক হাইস্কুলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত আজি বিশ্ব পৰিবেশ দিৱশ পালন কৰে।