ডিজিটেল ডেস্কঃ নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে। ৭ লাখ টকা বাৰ্ষিক আয় পৰ্যন্ত কোনো কৰ দিব নালাগে। ১৫ লাখ টকা উপাৰ্জন কৰা লোকৰো বাৰ্ষিক কৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে বিত্তমন্ত্ৰীয়ে। বছৰত ৯ লাখ টকা উপাৰ্জন কৰা লোকসকলে ৪৫ হাজাৰ আয় কৰ দিব লাগিব। এই নিৰিখ পূৰ্বতকৈও ২৫ শতাংশ কম। ১৫ লাখ টকা বছৰি উপাৰ্জন কৰা লোকে ডেৰ লাখ টকা কৰ দিব লাগিব। আগত নিৰ্বাচন থকাৰ বাবেই ৰাজনৈতিক হিচাপ-নিকাচেৰে নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰা বুলি অনুমান কৰিব পাৰি।