বিশ্বনাথ জিলাত বন্যপ্ৰাণী হত্যা কৰাৰ অভিযোগত এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি মাংস ভক্ষণ কৰাৰ অভিযোগত ৰহমত আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ৷ বিশ্বনাথ জিলাৰ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া ইকবাল হুছেইন, বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে বিশ্বনাথৰ বালিডুবিত অভিযান চলাই ৰহমত আলিক গ্ৰেপ্তাৰ কৰে৷ বনৰীয়া ম’হৰ কলিজা, ছাল, শিং আদি উদ্ধাৰ হৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বালিডুবিলৈ প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বহু বন্যপ্ৰাণী। কিন্তু একাংশ দস্যূ প্ৰকৃতিৰ লোকে বন্যপ্ৰাণীক চিকাৰ কৰাৰ খবৰ পোহৰলৈ আহে৷