March 26, 2023, 3:51 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিশ্বনাথত দিল্লীৰ পৰা অহা যুৱতী আক্ৰান্ত ক’ৰোনাত, থৰকাছুটি হেৰাইছে স্বাস্থ্য বিভাগ-জিলা প্ৰশাসনৰ

Reporter Name
  • Update Time : Thursday, June 25, 2020
  • 223 Time View

জোনমণি বেগম, বিশ্বনাথঃ বিশ্বনাথ জিলাত ইজনৰ পিছত সিজন লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱাৰ পিছতে শংকতি হৈ পৰিছে ৰাইজ। ক’ৰোনাৰ প্ৰকোপ বৃদ্ধিৰ পিছতে জিলাখনৰ স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ থৰকাছুটি হেৰাইছে। বৃহস্পতিবাৰে পুনৰ বিশ্বনাথৰ জিনজিয়াৰ কুহিয়াৰবাৰীত হোম কোৱাৰাণ্টাইনত থকা প্ৰিয়ংকা শৰ্মা নামৰ যুৱতীগৰাকীৰ ফলাফল পজিটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে। কুহিয়াৰবাৰীৰ প্ৰিয়ংকা শৰ্মাইপ যোৱা ২১ জুনত দিল্লীৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা এখন ইনভাৰে নিজ বাসগৃহলৈ আহে।

বিশ্বনাথৰ কুহিয়াৰবাৰী ঘৰলৈ আহি প্ৰিয়ংকা কোৱাৰাণ্টাইন হৈ থকাৰ লগতে স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছিল। বহিঃ ৰাজ্যৰ পৰা অহা যুৱতীগৰাকীক স্বাস্থ্য বিভাগে ঘৰতে কোৱাৰাণ্টাইন কৰিছিল। ২৬ বছৰীয়া যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী। অধ্যয়ন সমাপ্ত কৰি ঘৰলৈ উভতি অহাৰ পিছতে যুৱতীগৰাকীৰ পিতৃ ক’ৰোনাত আক্ৰান্ত হয়। অভিযোগ মতে, পিতৃয়ে হাট-বজাৰলৈও ওলাই গৈছিল।

আনহতে কোৱাৰাণ্টাইনৰ মাজতে যুৱতীগৰাকীৰ ঘৰত বহু লোকে অহা-যোৱা কৰা আছিল। গোবিন্দ গোড় নামৰ ব্যক্তিজন গাখীৰ দিবলৈ আহিছিল, যাদু ঘোচ নামৰ ব্যক্তিজনৰ দোকানলৈ গৈছিল পিতৃ। যাদু ঘোচৰ ঘৰ লালপানিত। কুহিয়াৰবাৰীৰে পাপন বনিয়া আৰু এগৰাকী ৰাজমিস্ত্ৰী প্ৰিয়ংকাৰ ঘৰলৈ আহিছিল। সলমণি গোড় নামৰ এৰাগাঁঙৰ মহিলা এগৰাকীয়ে দিন হাজিৰা কৰে তেওঁলোকৰ ঘৰত। ভুৱন নামৰ এগৰাকী চালক প্ৰিয়ংকা ঘৰলৈ অহাৰ সময়ত লগতে আছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে