ডিজিটেল ডেস্কঃ মাঘ বিহুৰ ব্যস্ততাৰ মাজতেই দৰং দিলাৰ ছিপাঝাৰৰ পৰা আহিছে এটি ভাল খবৰ। জিলাখনৰ ছিপাঝাৰৰ ককাইতোলাবাসীয়ে দেখুওৱা পক্ষীপ্ৰেমৰ নিদৰ্শনে এতিয়া ছ’চিয়েল মিডিয়াৰ ইউজাৰসকলক বাৰুকৈয়ে চুই গৈছে। প্ৰাপ্ত বাতৰি মতে, অঞ্চলটোৰ ৰাইজে মাঘ বিহুত জ্বলাবলৈ সাজু কৰা ভেলাঘৰটোৱেই হৈ পৰিছে এহাল কপৌৰ ঘৰ। ভেলাঘৰতে ঘৰ সাজি উমনি লৈছে কপৌহালে৷ বিহুৰ দিনা পুৱাই ভেলাঘৰ জ্বলাবলৈ সাজু হোৱাৰ সময়তে গাঁওবাসীয়ে কপৌহালক উমনি লৈ থকা প্ৰত্যক্ষ কৰে৷ লগে লগে গাওঁবাসীয়ে চৰাইহালে পোৱালি জগাই সেই ঠাই নিজে ত্যাগ নকৰা পৰ্যন্ত ভেলাঘৰটো নজ্বলোৱাৰ সিদ্ধান্ত লয়৷ কপৌহালৰ বাবেই মেজি জ্বলোৱাৰ পৰম্পৰা বিঘ্নিত হ’ল যদিও গাঁওবাসীৰ এনে সিদ্ধান্তক এতিয়া সকলোৱে একমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।