বিশ্বনাথঃ বিহালী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। মহিলাই আবদ্ধ কৰিলে আৰক্ষীৰ বাহন। উল্লেখ্য যে কালি সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ অভিযানকাৰী দলে বিহালীৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ৩০ জনকৈ বাল্য বিবাহত অভিযুক্ত স্বামী তথা বাল্য বিবাহৰে জড়িত পিতৃক। তাৰ পিছতে নিজ স্বামী অথবা পিতৃক মুকলি কৰি দিয়াৰ দাবীত পুৱাৰ পৰাই অবৈধ স্বামীৰ পত্নী অথবা মহিলাসকল উপস্থিত হৈছিল বিহালী আৰক্ষী থানাত। কিন্তু বিহালী আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰা স্বামীক বিশ্বনাথ চাৰিআলি আদালতত হাজিৰ কৰাবলৈ স্বামীসকলক উলিয়াই অনোতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে মহিলা অথবা পত্নীসকলে। স্বামীক কোনো কাৰণতে মহিলাসকলে আদালতত নিবলৈ বাধা প্ৰদান কৰে। এক প্ৰকাৰে আৰক্ষীৰ লগত হতাহতি পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীৰ বাহনখনো আবদ্ধ কৰি ৰাখে মহিলাসকলে। অৱশেষত বিহালী আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও সমগ্ৰ থানা চৌহদত মহিলাসকলৰ মাজত কান্দোনৰ ৰোল উঠে।