জয়ন্ত মুদৈ, বেবেজীয়াঃ অসম আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক তৎপৰ হোৱাৰ সময়তে অসাধু চক্ৰই আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন সামগ্ৰীৰ চোৰাং বেহা অব্যাহত ৰাখিছে৷ নগাঁও জিলাৰ জুৰীয়াত অবৈধভাবে সৰবৰাহ কৰা চোৰাং গৰুসহ ছয়জন লোক আটক কৰিবলৈ সক্ষম হৈছে৷ জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃত্বত এটা দলে কালিয়াডিঙাত অতৰ্কিতে অভিযান চলাই চাৰিখন গৰুভৰ্তি গাড়ী জব্দ কৰে৷ জব্দ কৰা গাড়ীকেইখনৰ নম্বৰ হৈছে এএছ-০১-এফচি-২৯৮১, এএছ-০১-টিচি-৪৬৩০, এএছ-০২-চিচি-০৪২৬৷ আৰক্ষীয়ে তালাচী চলাই গাড়ীকেইখনৰ পৰা অবৈধভাবে সৰবৰাহ কৰা ২৬টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ দলে ছয়জন সৰবৰাহকাৰী আনোৱাৰ হুছেইন, মইজুল ইছলাম, মিৰজান আলী, আবুল কাচেম, উদয় হুছেইন আৰু ছহিদুল ইছলামক আটক কৰে৷ আৰক্ষীয়ে জব্দ কৰা এই ২৬টা গৰু ধিং ডুমডুমীয়াৰ পৰা ৰূপহীহাটৰ কোনো অজ্ঞাত স্থানলৈ বুলি আনি থকা হৈছিল৷