নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ প্ৰাচীন বিশ্ব সংগীতৰ ভড়াললৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক সুবিশাল অৱদান হৈছে ‘বৰগীত’। এই বৰগীত বটদ্ৰৱা থানৰ নিত্য প্ৰসংগত শ শ বছৰ ধৰি পৰিৱেশিত হৈ আহিছে। এক ব্যতিক্ৰমী পৰিৱেশত বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকতসকলে বুধবাৰে ‘হৰি পদ পেখয়ে নপাৱলি মাই’ শীৰ্ষক এটি বৰগীত উন্মোচন কৰে। বৰদোৱা শলগুৰি সত্ৰৰ প্ৰবীণ বায়ন, গায়ন, অংকীয়া নাটৰ শিল্পী, সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষক ৰঞ্জিত মহন্তই বিগত অৰ্ধ শতিকাৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণাৰ অভিজ্ঞতাৰে গীতটিত নিজেই কণ্ঠদান কৰি নিজেই খোল-তাল সংগত কৰাৰ উপৰিও নৃত্য নিৰ্দেশনা কৰি এই বৰগীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। ঐতিহ্যমণ্ডিত হাটীবহাত বৰগীতটি মুকলি কৰি বটদ্ৰৱা থানৰ নামাচাৰ্য, বুঢ়া ভকত দেবেন আতৈকে প্ৰমুখ্য কৰি ভকত সকলে শিল্পী ৰঞ্জিত মহন্তক আশীৰ্বাদ প্ৰদান কৰে। সত্ৰ মণ্ডলী, বটদ্ৰৱাৰ সৌজন্যত প্ৰস্তুত কৰা “হৰি পদ পেখয়ে নপাৱলি মাই” শীৰ্ষক পত্নী প্ৰসাদ নাটৰ গীতটিৰ ৰাগ বেলোৱাৰ, তাল ৰূপক । বৰগীতটিৰ দৃশ্যাংশত নৃত্যশিল্পী হিচাপে ভুমুকি মাৰিছে জিলমিল মহন্তই। বটদ্ৰৱা থানৰ প্ৰাচীন তথা পৰম্পৰাগত শৈলীৰ এই গীতটো ইউটিউবত উপলব্ধ হব বুলি জানিব পৰা গৈছে৷