জয়ন্ত মুদৈ, বেবেজীয়াঃ দৌল যাত্রা মহোৎসৱক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজাভূমি বটদ্ৰৱাত সৃষ্টি হৈছে উখল-মাখল পৰিবেশ। এই উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে কালিৰে পৰা আগমন ঘটিছে লাখ লাখ ভকত-বৈষ্ণৱ আৰু দৰ্শনাথীৰ। পৰম্পৰাগতভাবে এইবেলিও বটদ্ৰবা থানত পাঁচদিনীয়াকৈ উদযাপিত হৈছে বিখ্যাত দৌল যাত্রা মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা আগমন ঘটা ভকত-বৈষ্ণৱৰ উপস্থিতিয়ে আজি দ্বিতীয় দিনা জনসমুদ্ৰত পৰিণত হৈছে বটদ্ৰৱা থানৰ চৌহদ৷ ইয়াৰ বিপৰীতে হৰি নামৰ অমিয়া সুৰে ভক্তিৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছে গুৰুজনাৰ জন্মভূমি। আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত নিত্য-নৈমিত্তিক প্ৰসংগৰ অন্তত বিয়লী ২ বজাত অস্থায়ী ৰভাতলিত গায়ন-বায়নৰ দ্বাৰা ন-ধেমালী পৰিবেশন কৰি গোঁসাইৰ সেৱা সম্পন্ন কৰি গোসাঁইৰ মূৰত ফাকু দিয়াৰ লগতে গোঁসাইক স্নান কাৰ্য সম্পন্ন কৰি ভিন্ন ৰঙৰ ফাকু দিয়া হয়। তাৰ পিছত ভক্তসকলে পদ জল আৰু ফাকু গ্ৰহণ কৰি কৃষ্ণ গোঁসাইক সন্মুখত লৈ নাম কীৰ্তনেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে৷