বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিৰাপত্তা উপদেষ্টা তাৰিক আহমেদ ছিদ্দিকিয়ে আজি দিল্লী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দুয়ো দেশৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়ে বাৰ্তালাপ কৰে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) তৰিক আহমেদ ছিদ্দিকিয়ে কোভিডৰ সংকটৰ সময়ত কৰা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ আনহাতে ভাৰত-বাংলাদেশৰ বন্ধুত্ব শক্তিশালী কৰাৰ বাবে বাংলাদেশৰ সৈতে দৃঢ়ভাৱে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷