নিউজ ডেস্কঃ ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰ ৰাজ্য গঠন হোৱাৰ উকমুকনিয়ে পুনৰ অসম বিভাজিত হোৱাৰ ইংগিত দিছে। পশ্চিমবংগ আৰু বিহাৰৰ এটা অংশক লৈ অসমৰ ৬ খন জিলাক নতুন ৰাজ্যখনত অন্তৰ্ভুক্ত হোৱাৰ চিন্তা-চৰ্চা চলিছে। গোৱালপাৰা-কোকৰাঝাৰ, চিৰাং-বঙাইগাঁও, দক্ষিণ শালমাৰা আৰু ধুবুৰীক লৈ কমতাপুৰ লিবাৰেচন আৰ্মীয়ে চমুকৈ কে এল অ’ই এখন নতুন ৰাজ্যৰ প্ৰস্তাৱ দিছে আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টো চিন্তা-চৰ্চা কৰি আছে। উত্তৰবংগক পশ্চিমবংগৰ পৰাপৃথক কৰাৰ লগতে বিহাৰৰ চাৰিখন জিলাক কমতাপুৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ বৰ্তমান বিবেচনাধীন। কে এল অ’ই অসমৰ ৬ খনকৈ জিলা কমতাপুৰত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত বিটিআৰ আৰু ৰাভা হাছং স্বায়ত্ত পৰিষদক ইয়াৰ পৰা বাহিৰত ৰাখিব বিচাৰিছে। সংখ্যালঘু অধ্যূষিত ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাছাৰ জিলাক কমতাপুৰত চামিল হোৱাৰ সপক্ষে কেন্দ্ৰীয় চৰকাৰে মতপোষণ কৰিছে। কে এল অ’ৰ ফালৰ পৰা অহা ২৬ জানুৱাৰীত নতুন ৰাজ্যখন গঠন হ’ব বুলি জানিবলৈ দিছে যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক কোনো বিবৃতি প্ৰকাশ কৰা নাই। ইতিমধ্যে বিটিআৰ এলেকাত কমতাপুৰক লৈ তীব্ৰ বাদানুবাদ আৰম্ভ হৈছে। ৰাভা হাছং এলেকাতো প্ৰতিবাদ হৈছে। অসমৰ ছখন জিলাৰ কিছু অংশক কেন্দ্ৰীয়শাসিত নতুন ৰাজ্য কমতাপুৰত অন্তৰ্ভুক্ত হ’লে ৰাজনৈতিকভাৱে অসম ক্ষতিগ্ৰস্ত হ’ব বুলিও চৰ্চিত হৈছে।