March 28, 2023, 6:38 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ

Reporter Name
  • Update Time : Tuesday, January 31, 2023
  • 19 Time View

গুৱাহাটীঃ ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই পুনৰ APDCL-এ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টি অসমে। আজি আয়োজন কৰা এখন সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে FPPIৰ দোহাই দি যোৱা আগষ্ট মাহৰ পৰা ধাৰাবাহিকভাবে বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে APDCL-এ। কালি মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিদ্যুৎ চুৰি বৃদ্ধি হৈছে তাৰ বাবে APDCLৰ লোকচান হৈছে। সংবাদ মেলত জিতুল ডেকাই কয় যে বিদ্যুৎ সাধাৰণ ৰাইজে চুৰি কৰা নাই, যাৰ বাবে ৰাইজৰ মূৰত এই লোকচানৰ বোজা জাপি দিব বিচৰা হৈছে, বিদ্যুৎ চুৰি কৰিছে বৃহৎ পুঁজিপতি গোষ্ঠীয়ে। এই চুৰি কাৰ্যত সহায় কৰিছে APDCLৰ বিষয়াই। এই সন্দৰ্ভত সংবাদ মেলত তথ্য দেখুৱাই কয় যে গৃহশক্তি ষ্টিল নামৰ প্ৰতিষ্ঠান এটাৰ বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাইছিল APDCLৰ ৬ জনীয়া এটা বিষয়াৰ দলে। এই কাৰ্যৰ বাবে জৰিমনা বিহাৰ পৰিৱৰ্তে চুৰি কাৰ্য ধৰা পৰাৰ পিছ দিনাই এখন তথাকথিত কমিটী গঠন কৰি প্ৰতিষ্ঠানটোক ৰেহাই দিয়া হ’ল। এই কথা Consumer Grievances Redressal Forum ত C.P Case No ২০/২১ মৰ্মে হোৱা শুনানিৰ অৰ্ডাৰত স্পষ্টকৈ উল্লেখ আছে। আনহাতে, বৰাকৰ এটা উদ্যোগৰ ২৫ কোটি টকাৰ বিল ৪ কোটি টকালৈ হ্ৰাস কৰি ৰেহাই দিয়ে। এনে কাৰ্যৰ বাবে APDClৰ যি লোকচান হৈছে তাৰ বোজা ৰাইজৰ ওপৰত জাপি দিলে নহ’ব। APDCL যদিও এটা company হিচাপে পৰিচিত বাস্তৱিকতে ইয়াৰ ১০০ শতাংই মালিকী স্বত্ব অসম চৰকাৰৰ। গতিকে APDCl-এ গ্ৰহণ কৰা জন বিৰোধী কাৰ্যৰ বাবে অসম চৰকাৰ সম্পূৰ্ণভাবে জগৰীয়া। যিহেতু চৰকাৰখনে নিজকে জন দৰদী বুলি জাহিৰ কৰিব বিচাৰে গতিকে জনতাক বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ পৰা ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় কেবিনেটত নতুন প্ৰকল্প নিৰ্মাণৰ যি পৰিকল্পনা লৈছে তাৰে এটা প্ৰকল্পৰ বাবে খৰচ কৰিবলগীয়া পুঁজি APDCLক অনুদান হিচাপে দি লোকচান পূৰণ কৰক। APDCLৰ ভিতৰত যি কেলেংকাৰি, দুৰ্নীতি, অপচয় চলি আছে তাৰ বাবে হে APDCLৰ লোকচান হৈছে। মুখ্যমন্ত্ৰীক ইয়াৰ বাবে তদন্ত দিবলৈ দাবী জনায়। আনহাতে, মুখ্যমন্ত্ৰী য়ে ১২ টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰি ৪ টকাকৈ উপভোক্তাক দিয়া বুলি যি মন্তব্য কৰিছে সেই কথা সম্পূৰ্ণ মিছা বুলি দাবী কৰি জিতুল ডেকাই এই সন্দৰ্ভত সংবাদমেলত APDCl-এ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰা নিৰিখৰ তালিকাৰ আন এক তথ্য দেখুৱায়। মুখ্যমন্ত্ৰীক হয়তো এই বিষয়ত APDClৰ কোনো বিষয়াই বিপথে পৰিচালনা কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে