নিউজ ডেস্কঃ অসম বিদ্যুৎ নিয়ামক আয়োগে APDCLৰ consumer নম্বৰৰ সৈতে GMC Holding নম্বৰ সংলগ্ন কৰোৱা বিষয়টোত ওলোটা খৰ মৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ অসমে। এটা বিবৃতিত আপ অসমৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে যোৱা ১৬/১২/২০২২তাৰিখে APDCLৰ এখন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম বিদ্যুৎ নিয়ামক আয়োগে APDCLৰ consumer নম্বৰ GMC holding নম্বৰ সৈতে সংলগ্ন কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছত একেখন আয়োগে ৰাজ্য চৰকাৰৰ এটা নিৰ্দেশনাৰ দোহাই দি পুনৰ বিপৰীত স্থিতি গ্ৰহণ কৰি APDCLৰ consumer নম্বৰ GMCৰ holding নম্বৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি নিৰ্দেশ দিছে। এনে কাৰ্যৰ দ্বাৰা বিদ্যুৎ নিয়ামক আয়োগে দৰাচলতে নিজৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা হেৰুৱাইছে। লগতে অসম বিদ্যুৎ নিয়ামক আয়োগ যে চৰকাৰৰ হাতৰ পুতলাত পৰিণত হৈছে সেয়া এই নিৰ্দেশৰ জৰিয়তে প্ৰমাণ হৈছে। যোৱা ২৯ ডিচেম্বৰত আপ অসমৰ এটি সঁজাতী দলে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণক সাক্ষাৎ কৰি এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনোৱাত তেওঁ consumer নম্বৰ আৰু holding নম্বৰ সংলগ্ন কৰিব লোৱা বিষয়তো বেআইনী বুলি অৱগত কৰিছিল। আজি একেজন অধ্যক্ষই ওলোটা খৰ মৰা কাৰ্য জনবিৰোধী আৰু ৰহস্যজনক বুলি কয় আপে। আপ অসমে নিয়ামক আয়োগৰ এই নিৰ্দেশনাৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে নিৰ্দেশনাটো বাতিল কৰিবলৈ দাবী জনাইছে।