নিউজ ডেস্কঃ ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সাৰ্বভৌমত্ব চৰ্ত মানি চৰকাৰে আলোচনা কৰিব নোৱাৰে বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে দল-সংগঠনক আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ বাবে সৈমান কৰিবৰ বাবে পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছিল। পৰেশ বৰুৱাই যিহেতু শ্বহীদৰ ত্যাগৰ বিনিময়ত সাৰ্বভৌমত্ব চৰ্ত ত্যাগ নকৰে, সেইবাবেই আলোচনা সম্ভৱ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুৰক্ষা কৰিব বুলি শপত লৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত আলফাৰ চৰ্ত মানিব পৰা নাযায়। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে আলফাৰ একালৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্তহীনভাৱে আলোচনা কৰিবলৈ পৰেশ বৰুৱা আৰু চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। অনুপ চেতিয়াৰ মতে পৰেশ বৰুৱাই চৰ্তহে আৰোপ কৰিছে। সাৰ্বভৌমত্ব চৰকাৰে দিবই লাগিব বুলি কোৱা নাই। এৰা-ধৰা কৰি দুইপক্ষই আলোচনা কৰিলে অসমৰ জনগণৰ মংগল হ’ব বুলি চেতিয়াই কয়। উল্লেখ্য যে আলোচনা পন্থীৰ নেতা অনুপ চেতিয়া বা অৰবিন্দ ৰাজখোৱাৰ লগতো কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি কোনো আলোচনা কৰা নাই। মুখ্যমন্ত্ৰী বা অনুপ চেতিয়াৰ আহ্বানৰ পিছত আলফা নেতা পৰেশ বৰুৱাই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।