নিউজ ডেস্কঃ ‘হে মোৰ ধৰিত্ৰী আই… খেতি বিনে নিস্তাৰ নাই; দয়া কৰা দয়াশীলা আই ‘। শিল্পীৰ কালজয়ী সৃষ্টি এই গীতটি- য’ত প্ৰতিটো শব্দই চুই যায় মাটি আৰু খেতিৰ লগত সম্বন্ধ থকা প্ৰতিজন ব্যক্তিক। অসমৰ জাতীয় অৰ্থনীতিৰ মূল অতীজৰেপৰা কৃষিভিত্তিক আৰু ইয়াৰ ৬০ শতাংশ লোক খেতি-বাতিৰ স’তে জড়িত। কিন্তু কৃষিৰ আধুনিকীকৰণ কৰি কৃষি নিৰ্ভৰশীলৰূপে গঢ়ি তুলি কৃষকক চহকী কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ লেখত ল’বলগীয়া কাৰ্যকলাপ হৈ উঠা নাই। চৰকাৰী চাউলে যিদৰে একাংশক এলেহুৱা কৰিছে ঠিক সেইদৰে মূল্যবৃদ্ধি, জি এছ টি আদিৰ বাবে দৰিদ্ৰতাৰ গ্ৰাসত থকা অসমৰ গাঁও দেশৰ ভিতৰতে সৰ্বাধিক। অসমত কৃষক সংগঠনৰ দুৰ্বলতা আৰু অসংগবদ্ধতাৰ বাবেই চহা কৃষক পিছ পৰি ৰৈ যায়। সেইবাবেই দেশজুৰি গ্ৰহণ কৰা কৃষি আইনৰ বিৰোধিতাৰ ঢৌৱ অসমত দেখিবলৈ পোৱা নাযায়। কিন্তু সময়ে সোঁৱৰায়… কৃষক আৰু কৃষি ব্যৱস্থাৰ উন্নতি অবিহনে জাতিৰ নিপাত অৱশ্যম্ভাৱী। সেয়ে সময় থাকোঁতেই একত্ৰিত হৈ কৃষিৰ হকে কাম কৰিলেহে পৰিৱেশ সলোৱাটো সম্ভৱ হ’ব।
চৰকাৰী এনে বহু আঁচনি আছে যাৰ বিষয়ে আমাৰ কৃষকসকল জ্ঞাত নহয়। উদাহৰণস্বৰূপে চি ডি পি, স্ফূৰ্তি, পি এম্ এফ বি ৱাই, মৎস্যপালন আদি বহুতো। কিন্তু চাব গ’লে এইসমূহৰ প্ৰকৃত সুবিধাসমূহ আমাৰ খেতিয়কসকলে লাভ কৰিব পৰা নাই, সেয়া লাগে অজ্ঞতাৰ বাবেই হওক বা মধ্যভোগীৰ বাবেই হওক। এনে সমস্যাৰ সমাধানৰ বাবেই চৰকাৰে কৃষকক সংগবদ্ধ কৰি কৃষক উৎপাদক কোম্পানী বা গোট গঠনত গুৰুত্ব দি আহিছে। কৃষক উৎপাদক সংস্থাৰ আইনৰ জন্ম ২০০২ চনতেই হৈছিল আৰু দেশৰ আন আন ৰাজ্যৰ কৃষকে ইয়াৰদ্বাৰা সংঘবদ্ধ হৈ ফলপ্ৰসূ হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলত এই ধাৰণা এতিয়াও নতুন। ক্ষুদ্ৰ আৰু ভূমিহীন কৃষকসকলক একগোট কৰি খেতি কৰোৱা, তেওঁলোকৰ নায্য প্ৰাপ্যৰ উচিত মূল্য দিয়া, বিভিন্ন চৰকাৰী আঁচনিৰ তথা সুবিধাৰ বিষয়ে অৱগত কৰাই সজাগ কৰি তোলা আৰু চৰকাৰী সুবিধা পাবৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ কাম-কাজ আগুৱাই নিয়াত সহায় কৰা। এই প্ৰচেষ্টাত নাথাকে কোনো মধ্যভোগীৰ হাত আৰু কৃষিৰ ব্যৱসায়ীকৰণ কৰি লাভাৱান্বিত হয় কৃষক।
যোৱা এক দশকতকৈ অধিককাল চাহ আৰু কৃষিক্ষেত্ৰৰ প্ৰতিজন কৃষকৰ হকে নিৰৱচিন্নভাৱে কাম কৰি অহা উত্তৰ পূবৰ একমাত্ৰ পেছাদাৰী সংস্থা হ’ল এছ’চিয়েড টী এণ্ড এগ্ৰ’ মেনেজমণ্ট ছাৰ্ভিছেছ প্ৰাঃ লিঃ। এ টি এম এছে কৃষক উৎপাদক কোম্পানী বা গোট গঠন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ মাজত আনিছে কৃষক উৎপাদক কোম্পানীৰ প্ৰতি সজাগতা তথা প্ৰয়োজনীয়তা। এ টি এম এছে কৃষি, চাহ, উদ্যানশস্য, মীনপালন, দুগ্ধ, কৃষি বজাৰ, সংৰক্ষণ আদিৰ বাবেও কাম কৰে। ইয়াৰ মূল লক্ষ্য হ’ল ক্ষুদ্ৰ আৰু ভূমিহীনক কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে সকলো সুবিধা প্ৰদান কৰি কৃষকসকলক ব্যৱসায়মুখী কৰি তোলা। এ টি এম এছৰ এই পদক্ষেপত জড়িত হৈ আছে বিভিন্ন চৰকাৰী সংস্থা যেনে নাবাৰ্ড, এছ এফ এ চি, বেংক আদি। এ টি এম এছে খেতিয়কসকলক প্ৰশিক্ষণো প্ৰদান কৰে যাৰদ্বাৰা কৃষকসকলে কৃষক উৎপাদক কোম্পানীৰ বিষয়ে, চৰকাৰী নতুন আঁচনিৰ বিষয়ে আৰু এই আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে এ টি এম এছৰ কৰ্মকৰ্তাসকলে তেওঁলোকক সম্পূৰ্ণ সহায় কৰি আগুৱাই নিয়ে। এ টি এম এছৰ এই পদক্ষেপৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ দহ হাজাৰতকৈয়ো অধিক কৃষকে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। এ টি এম এছৰ সঞ্চলিকা নন্দিতা শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কৃষক প্ৰশিক্ষণ শিবিৰসমূহত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ কৃষকে যোগদান কৰিছে। উল্লেখ্য যে নন্দিতা শৰ্মা এগৰাকী কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক যিয়ে যোৱা এক দশকতকৈ অধিককাল কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে কাম কৰি আহিছে।