February 9, 2023, 1:34 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ

Reporter Name
  • Update Time : Tuesday, January 3, 2023
  • 18 Time View

যোৰহাটঃ প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত অভিলাসী পৰিকল্পনাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক কৃষি ব্যৱস্থাৰ উত্তৰণৰ বাবে দেশৰ ভিতৰতে অগ্ৰণী পদক্ষেপ হাতত লৈছে অসম কৃষি বিশ্ববিদ্যালয়ে। আগন্তুক বৰ্ষতে এই দিশত পাঁচটাকৈ ভিন্নমুখী পৰিকল্পনাৰে প্ৰাকৃতিক কৃষিৰ জৰিয়তে কৃষি সম্পদ বৃদ্ধি আৰু উত্তৰণৰ প্ৰয়াস কৰিব। নৱবৰ্ষ উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই অভিলাসী পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত উপাচাৰ্যগৰাকীয়ে লগতে এই বিষয়ে প্ৰকাশ কৰি কয় যে সৰ্বমুঠ প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এই পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে চাৰিটা বা পাঁচটা বিশেষ গোটত প্ৰত্যেকতে ২০-২৫ লাখ টকা পুজি ব্যয় হ’ব। সামগ্ৰিকভাৱে ইয়াৰ জৰিয়তে বহুমুখী উন্নয়ন সাধিব পৰা সম্পদ সৃষ্টিৰ বাবে প্ৰয়াস কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষণ আৰু মানাংকন পৰীক্ষাগাৰৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ডৰ অনুমোদিত ৪ টা পৰীক্ষাগাৰ স্থাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সম্পূৰ্ণ অত্যাধুনিক এই পৰীক্ষাগাৰৰ জৰিয়তে শেহতীয়া প্ৰযুক্তিগত সকলো পৰীক্ষণৰ জৰিয়তে সকলো স্তৰৰ শিক্ষাৰ্থী আৰু গৱেষক বিজ্ঞানীসকল উপকৃত হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে আঁত ধৰা এই অনুষ্ঠানত উপাচাৰ্য ড০ ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন স্থানত থকা ৪৩ টা কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ গোটৰ আন্তঃগাথঁনিৰ উন্নয়নেৰে শেহতীয়া অত্যাধুনিক ব্যৱস্থাৰে উত্তৰণ ঘটোৱা হ’ব বুলি সদৰি কৰে।চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৫৪ টা ভিন্নমুখী পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দুৰশিক্ষা ব্যৱস্থা পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে। বিশ্ববিদ্যালয়ে নিজৰ “এ এ ইউ ছিলেক্ট” ব্ৰেণ্ডত শেহতীয়াকৈ জি আই টেগ লাভ কৰা গামোচাৰ উৎপাদন কৰিব বুলি ঘোষণা কৰে। সমান্তৰালভাৱে বিশ্ববিদ্যালয়ে নিজা আয় বৃদ্ধিৰ বাবে সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ জৰিয়তে মানসম্মত খাদ্য সামগ্ৰীৰ উৎপাদন কৰি দিনটোত ২৪ ঘন্টাই খোলা থকা বিপনীৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ হাতত ল’ব বুলি প্ৰকাশ কৰে। গৱেষণাৰ দিশত নতুন বৰ্ষতে ৫ টা নতুন খাদ্যশস্যৰ অনুমোদিত জাত আৰু ৫ খনকৈ গৱেষণাৰ জৰিয়তে উদ্ভাৱনী লাইচেন্স লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিক ড০ নিলোৎপল বৰঠাকুৰ, কৃষি গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্য ,কৃষি বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, মুখ্য গ্ৰন্থাগাৰিক ড০ চন্দন হাজৰিকা, সামুহিক বিজ্ঞানগুৰু ড০ মামণি দাস প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকল, গৱেষক-বিজ্ঞানীসকল, কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে