March 22, 2023, 2:49 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অসম গেছ কোম্পানীৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী, ঔদ্যোগীকৰণত অৰিহণা যোগাইছে AGCL

Reporter Name
  • Update Time : Sunday, April 3, 2022
  • 101 Time View

ফাৰহান লস্কৰঃ আজি দুলীয়াজানস্থিত অসম গেছ কোম্পানী লিমিটেডৰ হীৰক জয়ন্তী উদযাপন কৰে৷ হীৰক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ লয়৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সঞ্জয় কিষাণ, অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলিন চেতিয়া, দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম গেছ কোম্পানী লিমিটেডৰ বিষয়-ববীয়া, কৰ্মচাৰীক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ ১৯৬২ চনত স্থাপিত অসম গেছ কোম্পানী লিমিটেডে যোৱা ৬০ বছৰত ৰাজ্যখনৰ ঔদ্যোগীকৰণত যথেষ্ট অৰিহণা যোগাইছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। অসম গেছ কোম্পানী লিমিটেড প্ৰতিষ্ঠা আৰু আজিও সফলতাৰে ইয়াৰ কাৰ্যপন্থা অব্যাহত ৰখাৰ ক্ষেত্ৰত দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতীত আৰু বৰ্তমানৰ সেই সকলো অক্লান্ত কৰ্মী দেৱেন্দ্ৰনাথ আচাৰ্যলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰ্তমানৰ উদ্ভাৱনীমূলক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এজিচিএলক জীৱাশ্ম ইন্ধনৰ পৰা উৎপাদিত শক্তি ব্যৱহাৰৰ পৰিৱৰ্তে বৈদ্যুতিক শক্তি ব্যৱহাৰৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। বৈদ্যুতিক বাহনৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এজিচিএলে ৰাজ্যখনত চাৰ্জিং ষ্টেচন স্থাপনৰ ব্যৱসায় ক্ষেত্ৰত প্ৰৱেশ কৰাটো প্ৰয়োজনীয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। গেছ গ্ৰিড নেটৱৰ্ক শক্তিশালীকৰণৰ দ্বাৰা ক্ষমতা বৃদ্ধি কৰি প্ৰয়োজনত চুবুৰীয়া ৰাজ্য আৰু দেশসমূহলৈ গেছ পৰিবহণ কৰাৰ দিশতো কোম্পানীটোৱে মনোনিৱেশ কৰাৰ পোষকতা কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে