কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন শিথিল কৰাৰ পিছতে শাসকীয় দলৰ নেতা-কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰত প্ৰশংসা কৰা দেখা গৈছে৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত এখন সংবাদমেল সম্বোধন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি উভতি অহাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত পৰিস্থিতি উন্নত হোৱাত সহায় কৰা বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ তাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ শলাগ লয়৷ সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বৃহৎ আৰু ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে৷ এইটো এটা স্পষ্ট ইংগিত যে উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰি আহিছে৷ মই সকলোৰে হৈ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷