কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন শিথিল কৰাৰ পিছতে শাসকীয় দলৰ নেতা-কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰত প্ৰশংসা কৰা দেখা গৈছে৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত এখন সংবাদমেল সম্বোধন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি উভতি অহাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত পৰিস্থিতি উন্নত হোৱাত সহায় কৰা বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰিছে অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ কিৰেণ ৰিজিজুৱে কয় য়ে উত্তৰ-পূবত AFSPAৰ এলেকা হ্ৰাস কৰাটো এক ঐতিহাসিক সিদ্ধান্ত। গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা বহু পদক্ষেপ লোৱা হৈছে। অৰুণাচল প্ৰদেশই ৩ খন জিলাৰ বাহিৰে বহু আগতে AFSPA আঁতৰাই দিয়া হৈছে। এই সিদ্ধান্তই দেখুৱায় যে উত্তৰ-পূবত শান্তিৰ যুগ আহি পৰিছে৷