কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন শিথিল কৰাৰ পিছতে শাসকীয় দলৰ নেতা-কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰত প্ৰশংসা কৰা দেখা গৈছে৷ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত এখন সংবাদমেল সম্বোধন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি উভতি অহাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত পৰিস্থিতি উন্নত হোৱাত সহায় কৰা বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ কনৰাড চাংমাই কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো। সামগ্ৰিকভাৱে উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণৰ বাবে ই এক দীৰ্ঘদিনীয়া সমস্যা হৈ আহিছে আৰু নিশ্চিতভাৱে অঞ্চলটোৰ জনসাধাৰণলৈ এক ইতিবাচক বাৰ্তা লৈ আহিব৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আৰু কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি থকা ভালভাৱৰ আন এক প্ৰতিফলন। সদায়ে জোৰ দি আহিছো যে AFSPA এনে এক কাৰ্য আৰু যাৰ দ্বাৰা কোনো উদ্দেশ্য প্ৰাপ্ত নহয়৷ অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, এই আইনখন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে৷ কিন্তু এয়া এক স্বাগতমমূলক পদক্ষেপ৷ এলেকাবোৰত হ্ৰাস কৰা হৈছে। মই প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহক এএফএছপিএৰ সামগ্ৰিক প্ৰভাৱত হ্ৰাস কৰাৰ বাবে ধন্যবাদ জনাইছো।