পঙ্কজ নাথঃ IIT গুৱাহাটীত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘North East Research Conclave আৰু Assam Biotech Conclave’৷ আইআইটি গুৱাহাটীৰ ভূপেন হাজৰিকা পেক্ষাগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় শিক্ষা আৰু কৌশল বিকাশ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুভাৰম্ভ কৰে কনক্লেভৰ। অনুষ্ঠানতে IIT গুৱাহাটী আৰু ৰাজ্য চৰকাৰৰ মাজত ‘NEW BENCHMARK IN HEALTHCARE INOVATION’ বুজাবুজি চুক্তিৰ আনুষ্ঠানিক স্বাক্ষৰ কৰে। উত্তৰ পূবকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াৰ স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হিচাপে অসমক গঢ়ি তোলাৰ লক্ষ্য কৰি লৈছে ৰাজ্য চৰকাৰৰ৷ অসমক দক্ষিণ পূৱ এছিয়াৰ স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক সফল কৰিবলৈ আইআইটি গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰে। আইআইটি গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা আছাম বাইয়টেক কনকেলভতে চুক্তি স্বাক্ষৰ কৰা হয়। কাৰ্যসূচীতে অইল ইণ্ডিয়াৰ এক প্ৰদৰ্শনী উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আইআইটি চৌহদত ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে কেইবাখনো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে৷ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰণোজ পেগু, সাংসদ কুইন ওজাৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী। ৫৫০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী আইআইটিত স্থাপন হ’ব দেশৰ ভিতৰতে পোষ্ট গ্ৰেজুৱেট মেডিকেল ইনষ্টিটিউট। ৰাজ্য চৰকাৰে ব্যয় কৰিব লগীয়া শিক্ষানুষ্ঠানখনৰ বাবে প্ৰয়োজনীয় ভূমিদান কৰিব ৰাজ্য চৰকাৰে। আইআইটিৰ আজিৰ এই অনুষ্ঠানৰ মাজতে সাংবাদিকৰ সৈতে মুখামুখি হোৱাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডিমা হাচাওৰ পৰিস্থিতি সন্দৰ্ভত তাৎক্ষণিক ভাৱে বাটপথ নিৰ্মাণৰ লগতে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যোগান ধৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।