ডিজিটেল ডেস্কঃ ১ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব এ আৰ ৰহমান। টিকটৰ মূল্য ২০০০ টকাৰ পৰা ডেৰ লাখ টকালৈ। অসম ক্ৰিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত এ আৰ ৰহমানৰ এই সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। অস্কাৰ বঁটা লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ গুৱাটীলৈ আহিব এ আৰ ৰহমান। ইতিমধ্য বুক মাই শ্ব’ আৰু পেটিএম ইনছাইডাৰত টিকট সংগ্ৰহ আৰম্ভ হৈছে। টিকটৰ মূল্য ৩,০০০, ৪,০০০, ৫,০০০, ৬,০০০, ১০,০০০, ২০,০০০ আৰু সৰ্বাধিক ডেৰ লাখ টকা।