নাজিৰাঃ বিজেপিত নতুনকৈ যোগদান কৰা যুৱ নেতা অশ্বিনী চেতিয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। দুৰাৰোগ্য ৰোগত ভুগি থকা অশ্বিনী চেতিয়াক বিগত কিছুদিন ধৰি মহানগৰীৰ হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে যোৱা নিশা ১১.২০ বজাত অশ্বিনী চেতিয়াই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এটি ৮ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায়।
১৯৭০ চনত শিৱসাগৰৰ হাঁহচৰাৰ নপাম চেতিয়া গাঁৱত জন্মগ্ৰহণ কৰা অশ্বিনী চেতিয়া দীৰ্ঘদিন ধৰি টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ সৈতে জড়িত হৈ আছিল। পিছলৈ তেওঁ সংগঠনটোৰ সভাপতি পদতো বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সংগঠনটোৰ মুখ্য উপদেষ্টা পদতো অধিষ্ঠিত হয়। ইয়াৰ মাজতে তেওঁ কিছুদিন পূৰ্বে বিজেপি দলত যোগদান কৰে।
বন্ধুমহলে জনোৱা মতে, ৰোগৰ চিকিৎসাৰ বোবে তেওঁ মুম্বাইলৈ যোৱাৰ কথা আছিল যদিও লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। ইফালে, অশ্বিনী চেতিয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।