গুৱাহাটীঃ ৰাজ্যত কোৱিডত আক্ৰান্ত হৈ পুনৰ ৪গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ ৪গৰাকী লোকৰ ভিতৰত তিনিগৰাকীয়ে গুৱাহাটী মহানগৰীৰ৷ আটাইকেইগৰাকীয়ে ৬০ উৰ্ধৰ লোক৷ এই কথা টুইট কৰি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত দ্ৰুত গতিত কোৱিড ৰোগী বৃদ্ধি পোৱাৰ সময়তে ২৪ ঘণ্টাৰ ভিতৰত ৪গৰাকী লোকৰ মৃত্যুৱে ৰাজ্যবাসীক চিন্তিত কৰিছে৷
গুৱাহাটী হেদায়ৎপুৰৰ চফিকুল ৰহমান (৬০), দিছপুৰ কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫), লাল গণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু বৰপেটা পাটাছাৰকুছিৰ ৰমণী মজুমদাৰ (৬০) মৃত্যু হয়৷ যোৱা নিশা ২ বজাৰ পৰা ৫ বজাৰ ভিতৰত আটাইকেইগৰাকী ৰোগীৰ মৃত্যু হৈছে৷ কোৱিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে বিশেষকৈ গুৱাহাটী মহানগৰীৰ অৱস্থা জটিল কৰিছে৷ প্ৰতিদিনে ৫ শতাধিক ৰোগী ধৰা পৰাৰ ফলত বিছনাৰ অভাৱ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷
কামৰূপ মহানগৰ প্ৰশাসনে বিশেষ তৎপৰতাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে যদিও ক’ৰোনা ৰোগী কম হোৱা নাই৷ প্ৰতিটো ঘণ্টাত গুৱাহাটীক ৰোগী বৃদ্ধি হৈছে৷ যোৱা ২৮ জুলাইৰ পৰা সম্পূৰ্ণ লক-ডাউন চলি থকাৰ সময়তে গুৱাহাটীত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাই নিশ্চয়কৈ ৰাইজক শংকিত কৰিব৷