March 30, 2023, 3:51 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰেষ্টলিং সন্থাৰ নগাঁও জিলা সমিতি নতুনকৈ গঠন

Reporter Name
  • Update Time : Thursday, February 24, 2022
  • 110 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ এএছটিছি ধাৱাৰ সভা কক্ষত নগাঁও জিলা ৰেষ্টলিং সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াৰ সভাপতিত্বত আজি বিয়লি অনুষ্ঠিত সাধাৰন সভাত আগন্তুক কাৰ্যকালৰ বাবে নগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতখন গঠন কৰা হয়। ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱাক সভাপতি, আদিলুৰ ৰহমান, সমীৰ হাজৰিকা, গৌতম বৰুৱা, মৌচম দাসক উপ-সভাপতি, গৌৰাংগ ৰয়ক সাধাৰন সম্পাদক, তাপস ভাৱালক কোষাধ্যক্ষ, নৱজ্যোতি বৰুৱা, জোনমণি দাস, অজয় কুমাৰ সিং, বিপ্লৱ কোঁৱৰক যুটীয়া সম্পাদক, ৰামনাৰয়ণ প্ৰসাদ, দীপক সাহা, মৃনাল কুমাৰ হাজৰিকা আৰু বিষ্ণু বৰাক কাৰ্যকৰী সদস্যৰূপেলৈ ৰেষ্টলিঙৰ জিলা কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। প্ৰবীন ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিক মুখ্য উপদেষ্টা, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকা, সুন্দৰ নেওগ, মানসপ্ৰতিম দাস আৰু জ্যোতিনাৰায়ণ শইকীয়াক উপদেষ্টাৰূপে সভাই মনোনীত কৰে। সভাত অসম ৰেষ্টলিং সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সুন্দৰ নেওগ, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকা, অসম ৰেষ্টলিং সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা, নগাঁও জিলা ক্ৰীড়া বিষয়া মানসপ্ৰতিম দাস, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, আদিলুৰ ৰহমান, গৌৰাংগ ৰয়, জোনমণি দাস, ফিজেছ আহমেদ, ৰিংকুমনি বৰা, দিগন্ত বৰা, প্ৰান্তৰ ভট্টাচাৰ্য, গৌতম বৰুৱা আদিয়ে জিলাখনত ৰেষ্টলিং খেলবিধৰ প্ৰসাৰতাৰ ওপৰত বিস্তাৰিত আলোকপাতৰে বক্তব্য ৰাখে। উক্ত সভাতে কাছমাৰী অঞ্চলৰ বিপ্লৱ কোঁৱৰ আৰু ৰহাৰ জোনমণি দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক অসম ৰেষ্টলিং সন্থাৰ সাধাৰন সভাখন নগাঁৱত আয়োজন কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি জিলাখনৰ গ্ৰামাঞ্চলসমূহত শীঘ্ৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে নতুন সমিতিখনক পদক্ষেপ ল’বলৈ আহ্বান জনায়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে