পাটনাঃ বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিৰ টিকটত বিধান পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এগৰাকী অখ্যাত মহিলাই৷ আজি আৰজেডিয়ে ঘোষণা কৰা তালিকা অনুসৰি আগন্তুক বিধান পৰিষদত মহম্মদ কাৰি ছোহাইব, মুন্নী ৰজক আৰু অশোক কুমাৰ পাণ্ড প্ৰতিদ্বন্দ্বিতা কৰিব। সোমবাৰে আৰজেডিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত দলটোৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ প্ৰাৰ্থী ঘোষণাৈৰ পিছতে মুন্নী ৰজকক লৈ ব্যাপক চৰ্চা হয়৷ কিছুদিন পূৰ্বে লালু যাদৱৰ বাসগৃহত চিবিআইৰ অভিযানৰ সময়ত প্ৰতিবাদ কৰিছিল মুন্নী ৰজকে৷
আৰজেডিয়ে কয় যে দলৰ ৰাষ্ট্ৰীয় সভাপতি লালু প্ৰসাদজীৰ পৰামৰ্শ অনুসৰি বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱে বিধান পৰিষদৰ দ্বিবাৰ্ষিক নিৰ্বাচন ২০২২ৰ বাবে মহম্মদ কাৰি ছোহাইব, মুন্নী ৰজক আৰু অশোক কুমাৰ পাণ্ডেক আৰজেডিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আৰজেডিয়ে পাটনাত দলৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল য’ত দলটোৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে নামবোৰ ঘোষণা কৰিছিল। অনুষ্ঠানটোত দলৰ মুখপাত্ৰ শক্তি সিং যাদৱ আৰু চিত্তৰঞ্জন গগনও উপস্থিত আছিল।
আৰজেডিয়ে মুন্নী দেৱীক বিধান পৰিষদলৈ টিকট দিছে। মহিলা কোষৰ সাধাৰণ সম্পাদকো। যোৱা কেইদিনমানত লালু যাদৱৰ ঘৰত চিবিআইৰ অভিযানৰ সময়ত মুন্নী দেৱীয়ে গোটেই দিনটো চিবিআইৰ বিৰুদ্ধে শ্ল’গান দিয়া পৰিলক্ষিত হৈছিল। দলটোৱে এতিয়া মুন্নীক বিধান পৰিষদলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে।
এটা টুইটযোগে লালু পুত্ৰ তেজ প্ৰতাপ যাদৱে মুন্নী দেৱীৰ বিষয়ে কয় যে ৰে’লৱে প্লেটফৰ্মত মানুহৰ কাপোৰ ধুৱে। মুন্নী দেৱীৰ ফটো টুইট কৰি মুখখনেই উত্তৰ বুলি কয়।
বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে আৰজেডিৰ প্ৰাৰ্থীসকলৰ ভিতৰত মহম্মদ কাৰি ছোহাইব মুজাফ্ফৰপুৰ জিলাৰ। অশোক কুমাৰ পাণ্ডে ৰোহতাছ জিলাৰ আৰু মুন্নী দেৱী পাটনা জিলাৰ আলিপুৰ গাঁৱৰ বাসিন্দা।