চতিয়াঃ চতিয়াৰ শলাল গাঁওস্থিত ৰূপনাৰায়ণ গোনামৰা সত্ৰৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক ৰুদ্ৰদেৱ মহন্তই ৮৬ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷ সোমবাৰে দিনৰ প্ৰায় ১১ বজাত তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহন্তৰ।
অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, ফুটবলাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মহন্তই ৰঙাপৰা হাইস্কুলত শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ ৰঙাপৰাত থকাৰ সময়তে বামপন্থী আদৰ্শত আপ্লুত হৈ চিপিআইএমৰ সদস্য পদ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেওঁ শ’লাল গাঁৱৰ ৰূপনাৰায়ন গোনামৰা সত্ৰৰ গুৰিব’ঠা ধৰে৷ সত্ৰাধিকাৰ ৰূপে আসীন হয়। এই দায়িত্বৰ সমান্তৰাল ভাবে অসম সত্ৰ মহাসভাৰ লগত জড়িত হৈ ৰাজ্যিক সমিতিৰ উপ-সভাপতি ৰূপে দুবছৰীয়া কাৰ্যকালত সেৱা আগবঢ়ায়।
চতিয়াৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত সদায়েই জড়িত হৈ আছিল। ষাঠিৰ দশকত এজন দক্ষ ফুটবল খেলুৱৈ হিচাপে তেওঁ পৰিচিত আছিল৷ মহন্ত অসুস্থ হৈ পৰাত তেজপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। মহন্তৰ মৃত্যুত অসম সত্ৰ মহাসভা, শ’লাল গাঁও ৰাইজ সংগঠন, চিপিআইএমৰ চতিয়া আঞ্চলিক সমিতি, নদুৱাৰ সংগীত বিদ্যাপীঠ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাকে ধৰি বহু ব্যক্তি আৰু প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। মহন্তই ইহসংসাৰত পত্নী চাৰিগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনী অগণন গুণমুগ্ধক এৰি থৈ যায়।