ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত গোচৰৰ তদন্ত কৰি থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ সুশান্তৰ কেইবাগৰাকী বন্ধুসহ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক তলৱ কৰিছে৷ চিবিআয়ে তদন্ত আৰম্ভ কৰাৰ অষ্টম দিনত ৰিয়া চক্ৰৱৰ্তীক তলৱ কৰাৰ লগতে বৃহস্পতিবাৰে ৰিয়াৰ ভাতৃ চৌবিক চক্ৰৱৰ্তীক দীৰ্ঘ সময় সোধ-পোছ কৰে৷ বৃহস্পতিবাৰে ভাতৃক সোধ-পোছ কৰাৰ পিছতে আজি ৰিয়া চক্ৰৱৰ্তীক সোধ-পোছ কৰিব চিবিআইৰ দলে৷
সুশান্তৰ চাকৰ নিৰজ সিং, বন্ধু সিদ্ধাৰ্থ পিঠানী, ৰান্ধনী কেশৱ, গাণনিক ৰজত মেবাতিক সোধ-পোছ কৰিবৰ বাবে তলৱ কৰে চিবিআই-এ৷ মুম্বাইস্থিত ডিআৰডিঅ’ৰ অতিথিশালাত এইসকল লোকক সোধ-পোছ কৰিব চিবিআই-এ৷ চিবিআইএ এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে৷ ১৯ আগষ্টত সুশান্ত আত্মহত্যা গোচৰৰ তদন্তৰ ভাৰ চিবিআইক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷ এই গোচৰৰ তদন্ত অংশীদাৰ প্ৰৱৰ্তন নিৰ্দেশনালয় আৰু নাৰকোটিক্স কণ্ট্ৰোলেও কৰিব নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে পুৱা ৰিয়া চক্ৰৱৰ্তীয়ে ব্যক্তিগত গাড়ীৰে ডিআৰডিঅ’ৰ অতিথি শালাত উপস্থিত হয়৷ দীৰ্ঘ সময় জেৰাৰ সন্মুখীন হ’ব লাগিব বুলি অনুমান কৰা হৈছে৷
উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা সুশান্ত ৰাজপুটৰ আত্মহত্যাৰ ঘটনাৰ প্ৰায় ২ মাহৰ অন্তত বিহাৰৰ এখন আৰক্ষী থানাত পিতৃয়ে এজাহাৰ দাখিল কৰিছিল সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে৷ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে সুশান্তৰ পিতৃ কে কে সিঙে৷ ২৫ জুলাইত গোপনে পাটনাৰ এখন থানালৈ গৈ এজাহাৰ দাখিল কৰে কে কে সিঙে৷ সুশান্তৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ত আৰ্জি দি গোচৰৰ তদন্ত মুম্বাইত কৰিবলৈ আৰু গোচৰ মুম্বাইলৈ বদলি কৰিবলৈ আহ্বান জনাইছিল৷
আত্মহত্যা কাণ্ডৰ তদন্ত চিবিআইক প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈ আহিছে যদিও পৰিয়ালে এই দাবী উত্থাপন কৰা নাছিল৷ পিছত পৰিয়ালে চিবিআই তদন্ত দাবী কৰাত কেন্দ্ৰীয় চৰকাৰে গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছে৷ মুম্বাই আৰক্ষীয়ে সুশান্তৰ মৃত্যু কাণ্ডৰ তদন্ত কৰি আছিল যদিও মুম্বাই আৰক্ষীয়ে তদন্ত সঠিক ভাৱে নকৰাৰ অভিযোগ উত্থাপন কৰি বিহাৰৰ পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত তিনি পৃষ্ঠাৰ এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ এটা দল অভিনেত্ৰী ৰিয়াক সোধ-পোছৰ বাবে মুম্বাইত উপস্থিত হয় যদিও বৃহ মুম্বাই নগৰপালিকাই পাটনী আৰক্ষীৰ দলক কোৱাৰাণ্টাইন কৰিছিল৷
সুশান্ত সিঙৰ পিতৃ কে কে সিঙে এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাই নতুন মোৰ লয়৷ এজাহাত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পৰা অৰ্থ আদায় কৰা, কামত বাধা দিয়া, পৰিয়ালৰ পৰা দূৰত ৰখা আৰু শেষত সুশান্তৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে৷ আত্মহত্যা কাণ্ডৰ তদন্ত বিহাৰ আৰক্ষীৰ দ্বাৰা কৰিবলৈ দাবী জনাইছিল সুশান্তৰ পৰিয়ালে৷
সুশান্তৰ মৃত্যুৰ দুমাহ পাৰ হৈ গৈছে আৰু এই পৰ্যন্ত ৩৬গৰাকী লোকক সোধ-পোছ কৰিছে৷ যোৱা ১৪ জুনত সুশান্তৰ মৃতদেহ মুম্বাইৰ বান্দ্ৰাস্থিত ঘৰত উদ্ধাৰ হৈছিল৷ সুশান্তে চিপ লৈ আত্মহত্যা কৰা বুলি প্ৰচাৰ হয় যদিও একাংশ লোকে হত্যাৰ অভিযোগে উত্থাপন কৰি আহিছে৷