ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আত্মহত্যা কাণ্ডৰ লগতে ড্ৰাগছ যোগান কাণ্ডত সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক দীৰ্ঘদিন ধৰি ইডি, মুম্বাই আৰক্ষী, বিহাৰ আৰক্ষী, নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ (এনচিবি), চিবিআই আদি তদন্তাকাৰী সংস্থাই জেৰা তথা সোধ-পোছ কৰি গৈছে৷ ইতিমধ্যে নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ই ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌবিক চক্ৰৱৰ্তী আৰু সুশান্তৰ গৃহ পৰিচালক চেমুৱেল মিৰিণ্ডাক গ্ৰেপ্তাৰ কৰিছে৷
আদালতত হাজিৰ কৰি নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ই জিম্মাত লৈ চৌবিক চক্ৰৱৰ্তী আৰু সুশান্তৰ গৃহ পৰিচালক চেমুৱেল মিৰিণ্ডাক জেৰা কৰি গৈছে৷ আনহাতে সুশান্ত সিং ৰাজপুত আত্মহত্যা কাণ্ডৰ সৈতে ড্ৰাগছৰ সংযোগ সন্দৰ্ভত আজি নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ সোধ-পোছ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক৷ ৰিয়া চক্ৰৱৰ্তীক আজি নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে৷ সুশান্ত আত্মহত্যা কাণ্ডৰ তদন্ত কৰি নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ এটা দলে আজি ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত উপস্থিত হৈছিল পুৱাই৷ দলটোৰ সৈতে মুম্বাই আৰক্ষীও উপস্থিত থাকে৷
জানিব পৰা মতে, এনচিবিৰ দল ঘৰত উপস্থিত হোৱাৰ প্ৰায় কিছু সময় পিতে ১১ বজাত ৰিয়া চক্ৰৱৰ্তী এনচিবিৰ কাৰ্যালয়লৈ ওলাই আৰু বৰ্তমানেও সোধ-পোছ চলি আছে৷ ইপিনে পুত্ৰক গ্ৰেপ্তাৰ আৰু কন্যাৰ নিৰৱচ্ছিন্ন জেৰা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৌবিক চক্ৰৱৰ্তী আৰু ৰিয়াৰ পিতৃয়ে৷ ৰিয়া-চৌবিকৰ পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে কয় যে ধন্যবাদ ইণ্ডিয়া, আপোনাসৱে মোৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিলা৷ মই বিশ্বাসেৰে ক’ব পাৰো যে মোৰ কন্যাৰ অৱস্থাও তেনেকুৱাই হ’ব৷ আপোনালোকে এটা মধ্যমবৰ্গীয় পৰিয়ালক সম্পূৰ্ণ ৰূপে শেষ কৰি পেলালে৷ সম্পূৰ্ণ ৰূপে৷ ন্যায়ৰ বাবে সকলো কৰাটো ভাল..জয় হিন্দ৷
আনহাতে ৰিয়াৰ অধিবক্তা সতীশ মানচিন্দে কয় যে ৰিয়াই গ্ৰেপ্তাৰ হ’বলৈ সাজু৷ এয়া এক মিচন হয়৷ যদি কাৰোবাক ভালপোৱাটো পাপ হয়৷ তেন্তে তেওঁ পাপত ভূগিবলৈ সাজু আছে৷ তেওঁ নিৰ্দোষী৷ তেওঁ বিহাৰ আৰক্ষী চিবিআই, ইডি, ইচিবিৰ দ্বাৰা ৰুজু কৰা কোনো এটা গোচৰৰ বাবে জামিন আবেদন দাখিল কৰা নাই৷ এতিয়ালৈ আদালয়ৰ দুৱাৰত টোকৰ দিয়া নাই৷ যোৱা ৪ চেপ্তেম্বৰত ৰিয়াৰ ভাতৃ চৌবিকক গ্ৰেপ্তাৰ কৰিছিল নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ই৷