ডিজিটেল ডেস্কঃ নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ ই ডিয়ে জাননী প্ৰেৰণ কৰা সন্দৰ্ভত কংগ্ৰেছে দেশজুৰি সংবাদমেলৰ জো-যা চলাইছে।
কংগ্ৰেছ দলৰ সকলো সাংসদক ১৩ জুনৰ পুৱা দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ইডিৰ সন্মুখত ৰাহুল গান্ধীৰ উপস্থিতিৰ পূৰ্বে। সূত্ৰ অনুসৰি, সাংসদসকলৰ উপৰি দলৰ সকলো জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীৰ সৈতে ই ডি কাৰ্যালয়লৈ পদযাত্ৰা কৰাৰ সম্ভাৱনা আছে।
ক’ৰোনা সংক্ৰমণৰ বাবে বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী ই ডিৰ সন্মুখত উপস্থিত হ’ব নোৱাৰিলে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে আমাৰ লুকুৱাবলৈ একো নাই। সূত্ৰ অনুসৰি, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ই ডিৰ সন্মুখত হাজিৰ হ’বলৈ ৩ সপ্তাহৰ সময় বিচাৰিছে।