ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী ‘পাপ্পু’ নহয়। বৰঞ্চ তেওঁ এজন ‘বুদ্ধিমান আৰু কৌতুহলী ব্যক্তি’। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এইদৰে প্ৰশংসা কৰে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনে। কিছুদিন পূৰ্বে এইগৰাকী অৰ্থনীতিবিদে ৰাহুলৰ সৈতে ‘ভাৰত জোড়ো যাত্ৰা’ত যোগদান কৰিছিল। তেতিয়াই তেওঁ কংগ্ৰেছত যোগদান কৰাৰ উৰা বাতৰি ওলাইছিল। ইয়াৰ পিছত বিজেপিয়ে তেওঁক আক্ৰমণ কৰে। কিন্তু ৰঘুৰামে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান নকৰে। কংগ্ৰেছৰ পদযাত্ৰাত তেওঁ কিয় যোগদান কৰিছিল সেই কথাও ৰাজনে বুজাই দিয়ে।
ৰাহুলৰ সৈতে কথা-বতৰা পাতি তেওঁ বুজিব পাৰে যে ৰাহুল বুদ্ধিমান। ৰাহুলক ‘পাপ্পু’ বুলি সম্বোধন কৰাটো দুৰ্ভাগ্যজনক বুলি তেওঁ কয়। ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ গৰাকীয়ে কয় যে ৰাহুলক ‘পাপ্পু’ সম্বোধন অতি দুৰ্ভাগ্যজনক। তেওঁ আৰু কয় যে- বহু কথাই তেওঁৰ লগত পাতিলোঁ। মই ভাবো তেওঁ পাপ্পু নহয়। বৰঞ্চ এজন বুদ্ধিমান আৰু কৌতুহলী মানুহ।