ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুকৰণৰ সৈতে জড়িত NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজি গোচৰ ৰুজি কৰিছে বৰ্তমানৰ NRC কৰ্তৃপক্ষই৷ তথ্যৰ হেৰ-ফেৰ কৰাৰ লগতে ব্যাপক দুৰ্নীতৰ অভিযোগ আনি NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে NRC কৰ্তৃপক্ষই৷ NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ তৰিছে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই। হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰে আপোচ কৰাৰ অভিযোগ অনাৰ লগতে বিশেষ ছফটৱেৰৰ জৰিয়তে NRCত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ আনে। ইমানে নহয় NRC উন্নীতকৰণত বংশবৃক্ষৰ সঠিক পৰীক্ষণ হোৱা নাছিল বুলিও অভিযোগ আনে। হাজেলাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা, বংশবৃক্ষ পৰীক্ষণত ব্যৱহৃত ছফটৱেৰক লৈ সন্দেহ প্ৰকাশ কৰা হয়৷ ব্যৱহৃত ছফটৱেৰৰ জৰিয়তে গুণগত পৰীক্ষা সম্ভৱ নাছিল বুলি অভিযোগ আনি হাজেলা আৰু একাংশ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ ১২০-B, ১৬৬A, ১৬৭, ১৮১, ২১৮, ৪২০, ৪৬৬, RW-SEC৩৪ত গোচৰ ৰুজু কৰা হয়। original inhabitantৰ ক্ষেত্ৰতো ব্যাপক জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ আনে হিতেশ দেৱ শৰ্মাই। তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ পিছতো গাপ দিছিল বুলি কয় হিতেশ দেৱ শৰ্মাই৷