মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানঃ ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন। ঢোলৰ গুমগুমণি পেপাৰ টিহিতি মাতত ৰজন-জনাইছে ৰাজ্যৰ চৌপাশ। চ’তৰ অন্তিম ক্ষণত সীমান্তৱৰ্তী পাটকাই পৰ্বতৰ পাদদেশস্থিত লিডুত অনুষ্ঠিত হয় চ’তৰ এটি কবিতাৰ দুপৰীয়া শীৰ্ষক কবি সমাৰোহ। লিডু মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কাব্যধ্বনি অসমৰ সহযোগত লিডু মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কবি সমাৰোহত গুৱাহাটী গোলাঘাট যোৰহাট শিৱসাগৰ নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক নবীন-প্ৰবীণ তথা জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰি কবিতা পাঠেৰে অনুষ্ঠানটো মুখৰিত কৰি তোলে। কাব্যধ্বনি অসমৰ সভাপতি ড০ ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত সমাজজীৱন সাহিত্য ক্ষেত্ৰ সাংস্কৃতিক ক্ষেত্ৰ আদিলৈ বিশেষ অৱদান আগবঢ়োৱা মামনি ডেকা, জগত চাংমাই, ড০ দিপালী বৰপুজাৰী, চুফাতি পমুং মিলি, ৰাণাজ্যোতি নেওগ, দেৱজিৎ বৰাক সম্বৰ্ধনা জনায়।