বঙাইগাঁওঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়াৰ গঢ়াৰ সপোন দেখিলেও বাস্তৱত সেয়া কিমান সম্ভৱ হৈছে সেই প্ৰশ্নই এতিয়া গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাজ্য আৰু দেশৰ চৰকাৰী বিভাগসমূহত কেছলেছ লেনদেনৰ কথা সদৰী কৰিলেও প্ৰকৃততে ডিজিটেল ইণ্ডিয়াৰ এই সপোন ভেকোঁভাওনা হৈহে পৰিছে। চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ পৰিবহন বিভাগে বানিজ্যিক বাহনৰ জৰিমণাৰ লগতে বিভাগৰ যাৱতীয় কামৰ লেনদেন কেছলেছ ব্যৱস্থাৰে সম্পন্ন হ’ব বুলি এক জাননী জাৰি কৰিছিল৷
কিন্তু এই জাননী জাৰি কৰাৰ পিছতো এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে বাহনৰ গৰাকী আৰু সৰ্বসাধাৰণ ৰাইজ। কিয়নো এতিয়াও অনলাইন কেচলেছ ব্যৱস্থা আৰম্ভই হোৱা নাই জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত। অনলাইন কেচলেচ ব্যৱস্থা নথকাত সম্প্ৰতি প্ৰায় এমাহ ধৰি শ শ বাহন বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ৰ লগতে বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত আৱদ্ধ হৈ আছে।
ইফালে লিখিতভাৱে নগদ ধন লোৱাৰ কোনো নিৰ্দেশনা নথকাত পৰিবহন বিভাগৰ কৰ্মচাৰী সকলেও বিপাঙত পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত জব্দ হোৱা বাহন সমুহ মোকলাব নোৱাৰি এক প্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে গৰাকীৰ। বিভাগে বাহন ৰখাই থোৱাৰ পিছত মাহিলী কিস্তি পৰিশোধ কৰা আৰু ৰোড টেক্স দিয়াৰ ক্ষেত্ৰতো অপাৰগ হৈ পৰিছে বাহনৰ গৰাকীসকল।