গুৱাহাটীঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে মহানগৰীৰ পানবজাৰ আৰক্ষী থানাত৷ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোভিড প্ৰটকল ভংগ কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে৷ তৰুণ দত্ত নামৰ এগৰাকী লোকে মাস্ক নিপিন্ধাকৈ ৰাজহুৱা সভাত অংশ লোৱাৰ বাবে দাখিল কৰা এজাহাৰ ভিতিত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে৷ জানিব পৰা মতে, মন্ত্ৰীগৰাকীয়ে বাক্সাৰ বাগানপাৰাত বিটিচি নিৰ্বাচনী সভাত অংশ লৈ কেইবাহাজাৰ লোকক সম্বোধন কৰি ভাষণ প্ৰদান কৰিছিল৷