ডিজিটেল ডেস্ক : আজি ৰাজ্যিক পৰিবহণ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্ৰ শইকীয়াৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ বিগত বৰ্ষৰ দৰে এইবেলিও ৰাজ্যিক পৰিবহণ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্ৰ শইকীয়াৰ ৪০ সংখ্যক মৃত্যু বাৰ্ষিকী সন্থাৰ কাৰ্যালয়ত পালন কৰা হয়৷ প্ৰয়াত শইকীয়া সৰ্বভাৰতীয় শ্ৰমিক নেতা তথা প্ৰাক্তন বিধায়ক আছিল৷ তেওঁৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত সন্থাৰ তৰফৰ পৰা তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰে৷ বন্তি প্ৰজ্বলন কৰে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অতনু শইকীয়া৷ সন্থাৰ বিষয়ববীয়া ক্ৰমে চুলেমান আলী বেপাৰী, অমৰজ্যোতি বৰঠাকুৰ, গুণজিৎ পাঠক, কনক ভৰালী, কৈলাশ তালুকদাৰ, ৰঞ্জন গোস্বামী, কৃষ্ণ তালুকদাৰকে ধৰি বহুকেইজন লোকে প্ৰয়াত শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে৷ তাৰোপৰি অনুষ্ঠানত সন্থাৰ ৭ টা গোটৰ বিষয়-ববীয়া তথা সদস্য-সদস্যা আৰু নিগমৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷