আজি ত্ৰিপুৰাত অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ আজি পুৱা অনুষ্ঠিত হৈ যোৱা ভোটদানৰ পিছতে আবেলি ভোটগণনা অনুষ্ঠিত হয়৷ খালী হোৱা আসনখনত বিজেপি প্ৰাৰ্থী মানিক সাহাই জয়লাভ কৰিছে। বিজেপি প্ৰাৰ্থীয়ে ৪০টা ভোট লাভ কৰাৰ বিপৰীতে বাওঁ নেতা তথা প্ৰাৰ্থী ভানু লাল সাহাই মাত্ৰ ১৫টা ভোট লাভ কৰিছে। আনহাতে, পঞ্জাৱত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৫খন আসনত জয়লাভ কৰিছে আপৰ সদস্যই। নাগালেণ্ডতো জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী। হিমাচল প্ৰদেশৰ একমাত্ৰ আসনখনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী। দুয়োখন ৰাজ্যতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে দুই গৰাকী প্ৰাৰ্থী।