May 25, 2022, 12:50 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজ্যপালক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ, বাঘজানৰ ঘটনাৰ তদন্ত দাবী

Reporter Name
  • Update Time : Thursday, June 11, 2020
  • 100 Time View

গুৱাহাটীঃ বাঘজান তৈল খাদত তিনিদিন ধৰি সংঘটিত হৈ থকা ভয়ানক অগ্নিকাণ্ডৰ চৰজমিন তদন্ত বিচাৰি ৰিপুন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে আজি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰে। স্মৰকপত্ৰখনৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে গোটেই পৰিঘটনা দায়িত্ব সহকাৰে লৈ তৎকালীনভাৱে এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰি বাঘজানৰ অগ্নি নিৰ্বাপিত কৰি সেই অঞ্চলৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰীক দাবী জনোৱাৰ লগতে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনায়। লগতে দিহিং পাটকাই আৰু ডিব্ৰু ছৈখোৱা বনাঞ্চলত জৈৱ বৈচিত্ৰ ধ্বংস কৰি কয়লাৰ মুক্ত খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা আৰু তাত চলি থকা অবৈধ কয়লাৰ ছিণ্ডিকেটৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰীলৈ আন এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।
আনহাতে, ডিমা হাছাওৰ এসময়ৰ কংগ্ৰেছ নেতা পূৰ্ণেন্দু লাংথাছা আৰু নিন্দু লাংথাছাৰ হত্যাকাণ্ডত জড়িত দেৱলাল গাৰ্লছাক বিজেপিয়ে ২০১৮ চনতে উত্তৰ কাছাৰ পাহাৰীয়া স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰিছে। যোৱা ১ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঙৰীয়াই দাখিল কৰা শপতনামাত স্পষ্টকৈ উল্লেখ কৰিছে যে দেৱলাল গাৰ্লছা উক্ত হত্যাকাণ্ডত জড়িত আছিল৷ কিন্তু দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে গোচৰ তৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰা নাই। সেয়েহে দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰাৰ লগতে উত্তৰ কাছাৰ পাহাৰীয়া স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আন এখন স্মৰকপত্ৰ যোগে ৰাজ্যপাললৈ দাবী উত্থাপন কৰা হয়৷
ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰাৰ সময়ত ৰিপুন বৰাৰ লগতে অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায়, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) ৰঞ্জন বৰা আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভগীৰথ কৰণ উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে