নিউজ ডেস্কঃ অসমত ২১,৬৭০ জন লোকে নিজৰ লগত মাৰণাস্ত্ৰ ৰাখে। জীৱনৰ নিৰাপত্তাৰ প্ৰতি অহা ভাবুকিৰ বাবেই এনেদৰে মাৰণাস্ত্ৰ বিচাৰি আবেদন কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু বিগত ডেৰ বছৰত ২,৫২৫ জন লোকে নতুনকৈ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। নতুন চৰকাৰৰ দিনত ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে নিজৰ নিৰাপত্তাৰ খাতিৰত মাৰণাস্ত্ৰৰ আবেদন বিচৰা লোকৰ সংখ্যা কেবা হাজাৰো আছিল যদিও ইয়াৰ ভিতৰত ২,৫২৫ জন ব্যক্তিক ব্যক্তিগতভাৱে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। সৰ্বাধিক নগাঁও জিলাত ৬,৪৫৯ জন লোকে নিজৰ লগত অস্ত্ৰ ৰখাৰ বিপৰীতে ডিমা হাছাওত ২,১৭৬ জন, কামৰূপ মহানগৰত ১,৭০৩ জন, বৰপেটাত ১০৪, ধুবুৰীত ১,৫৫১, ডিব্ৰুগড়ত ৮৫৬, গোলাঘাটত ৮২৭, যোৰহাটত ৪৫১, মৰিগাঁৱত ৯৪২, শোণিতপুৰত ৭৮৪, কৰিমগঞ্জত ৪২২, তিনিচুকীয়াত ৯২১, শিৱসাগৰত ১২৭, বিশ্বনাথত ১৩৭, কামৰূপত ১৯৩ জন লোকে নিজৰ লগত মাৰণাস্ত্ৰ ৰখাৰ অনুমতি পাইছে।