নিউজ ডেস্কঃ ৰাজ্যত দ্ৰুত গতিত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ গুৱাহাটীত পুনৰ লক-ডাউন পালন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মাজতে পুনৰ আন এজন লোকে ক’ৰোনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷
ফটাশিল আমবাৰীৰ দিলীপ তালুকদাৰ নামৰ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ ৫০ বছৰীয়া দিলীপ তালুকদাৰৰ ২২ জুনতে জি এম চি এইচত মৃত্যু হৈছিল৷ মৃত্যুৰ পাছত কৰা পৰীক্ষাত ধৰা পৰে ক’ৰোনা পজিটিভ৷ ইয়াৰ লগে লগে অসমত ক’ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ বৃদ্ধি পায়৷