গুৱাহাটীঃ সোমবাৰে নিশাৰ ভাগত এক মৃদু ভূঁইকপে জোকাৰি যায় অসমক। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অধিকাংশ প্ৰান্ততে অনুভূত হয় এই জোকাৰণি। নিশা প্ৰায় ১ বাজি ২৯ মিনিটত অনুভূত হোৱা জোকাৰণিৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৪।
ভূমিকম্পটোৰ উৎপত্তিস্থল সৰ্থেবাৰীৰ পৰা ১১ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্ত বুলি জানিব পৰা গৈছে। এই জোকাৰণি ভূটানতো অনুভূত হয়। ভূমিকম্পৰ ফলত বৰ্তমানলৈ কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।