বান আৰু ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে পূৰ্বে নিৰ্ধাৰিত এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ ঘোষণা কৰিছে। ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰাত পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত লয় শিক্ষা বিভাগে৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰি জাননী প্ৰকাশ কৰিছে শিক্ষা বিভাগে৷ প্ৰতিকূল বতৰৰ বাবে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত বিভাগৰ৷ পৰৱৰ্তী জাননী নিদিয়ালৈ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কথা উল্লেখ কৰিছে জাননীত৷ ডিমা হাচাওত ১৮ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা স্থগিত কৰা হৈছে৷ ভিন্ন প্ৰান্তত ১৮ মে’ৰ পৰা ২১ মে’লৈ হ’বলগীয়া পৰীক্ষা স্থগিত৷ বান পৰিস্থিতি-প্ৰতিকূল বতৰৰ বাবে এই সিদ্ধান্ত AHSECৰ৷