গুৱাহাটীঃ ৰাজ্যত নতুনকৈ ৫৬৮ গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি পোৱা গৈছে৷ ইয়াৰে সৰ্বাধিক আক্ৰান্ত হৈছে গুৱাহাটীত৷ মহানগৰীৰ ক’ৰণাত আক্ৰান্ত সংখ্যা হৈছে ৩৫৫ গৰাকী৷
অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বমুঠ হ’লগৈ-১৪৬০০ জন৷ ইয়াৰে ৫৪২৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা বিপৰীতে ক’ৰণাৰ পৰা সুস্থ হৈছে ৯১৪৭ জন লোক৷ ৰাজ্যত এতিয়ালৈকে ক’ৰণাত ২৭ জন লোকে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে৷
ইফালে ভাৰতত বৰ্তমানলৈকে প্ৰায় ৭লাখ ৯৫হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰণাত। যোৱা ২৪ ঘণ্টাত দেশত ২৬,৫০৬ গৰাকীলোক ক’ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪৭৫গৰাকী লোকৰ৷ ইয়াৰ লগেলগে দেশত ৫৫৭,৫১২ জন লোকৰ ক’ৰণাত মৃত্যু হৈছে৷